আজি ২৪ ফেব্ৰুৱাৰী

▶️আজি এষ্টোনিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি কেন্দ্ৰীয় আৱকাৰী দিৱস।
▶️১৩০৪ চনৰ এই দিনটোতেই আৰব দেশীয় পৰ্যটক ইবন বটুতাৰ জন্ম হৈছিল।
▶️১৮১০ চনৰ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ মৃত্যু হৈছিল।
▶️১৮২৬ চনৰ এই দিনটোতেই মান আৰু ইংৰাজৰ মাজত ব্ৰহ্মদেশ(ম্যানমাৰ)ৰ ইয়াণ্ডাবুত ঐতিহাসিক ‘ইয়াণ্ডাবু সন্ধি’ স্বাক্ষৰিত হৈছিল।এই সন্ধিৰ চৰ্ত অনুসৰি অসম ইংৰাজৰ অধীন হৈ পৰিছিল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই স্বায়ত্বশাসিত অসমৰ প্ৰথম ৰাজ্যপাল ৰূপে হেনৰী যোচেফ টুইনামৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৩৯ চনৰ ৪ অক্টোবৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই এষ্টোনিয়াৰ স্বাধীন ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ৰাছিয়া আৰু চীনৰ মিছাইল ধ্বংস কৰা ক্ষেপনাস্ত্ৰ নিৰ্মাণৰ যুটীয়া চুক্তি স্বাক্ষৰিত।
▶️২০০২ চনৰ আজিৰ দিনটোতেই মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান।
▶️২০০৬ চনৰ এই দিনটোতেই জি টিভিৰ সংগীত প্ৰতিযোগিতাত অসমৰ দেৱজিৎ সাহা ‘ভাৰত কন্ঠ’ ৰূপে বিজয়ী হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.