তেলেংগানাৰ ৱাৰংগালত চাঞ্চল্যকৰ ঘটনা!

নেচনেল ডেস্ক:

তেলেংগানাৰ ৱাৰংগালত চাঞ্চল্যকৰ ঘটনা। তেলেংগানাৰ ৱাৰংগাল চিকিৎসা মহাবিদ্যালয়ত ছিনিয়ৰ ছাত্ৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহননৰ চেষ্টা স্নাতকোত্তৰ ছাত্ৰীৰ। আত্মহননৰ চেষ্টা চলোৱা ছাত্ৰী গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। ছাত্ৰীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি প্ৰায় ১৫-২০ দিনৰ পুৰ্বে ছাত্ৰী গৰাকীয়ে নিজৰ ভনীয়েকক ফোন যোগে জনাইছিল এজন ছিনিয়ৰ ছাত্ৰই নিৰ্যাতন চলোৱাৰ কথা। সেই ছাত্ৰজনৰ অত্যাচাৰ সহিব নোৱাৰিয়েই ছাত্ৰী গৰাকীয়ে বিষাক্ত পদাৰ্থ সেৱন কৰি আত্মহননৰ চেষ্টা চলোৱাৰ অভিযোগ।

এগৰাকী জ্যেষ্ঠ ছাত্ৰই কন্যাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰীগৰাকীৰ পিতৃয়ে আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত ছাত্ৰজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।।

You might also like
Leave A Reply

Your email address will not be published.