উত্তৰ প্ৰদেশত ভয়ংকৰ ঘটনা!

উত্তৰ প্ৰদেশৰ উন্নাও জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা

নেচনেল ডেস্ক :
ত্তৰ প্ৰদেশৰ উন্নাও জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । এগৰাকী যুৱতীৰ অৰ্ধ-উলংগ মৃতদেহ পোৱা গৈছে পথাৰত। যুৱতীগৰাকীৰ হাত আৰু ভৰি বান্ধি থোৱা অৱস্থাত আছিল ।

ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনচিক বিভাগৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ঘটনাটো উন্নাও জিলাৰ আছোহা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে ।
পৰিয়ালৰ লোকৰ সন্দেহ অনুসৰি , কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰে যুৱতী গৰাকীক।
সোনকালেই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে পৰিয়ালৰ লোকক আশ্বাস প্ৰদান কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.