‘ফ্ৰেডী’ৰ তাণ্ডৱ!

ফ্ৰেডী'ৰ তাণ্ডৱত তচনচ মাদাগাস্কাৰৰ জনজীৱন!

ইণ্টাৰনেচনেল ডেস্ক:

ফ্ৰেডী’ৰ তাণ্ডৱ! ‘ফ্ৰেডী’ৰ তাণ্ডৱত তচনচ মাদাগাস্কাৰৰ জনজীৱন। মাদাগাস্কাৰৰ পূব উপকূলত গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ ফ্ৰেডীত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰৰ পৰা স্থানান্তৰিত হৈছে ১১ হাজাৰ লোক। ধুমুহাটোৱে মানজাৰী চহৰৰ ওচৰত স্থলভাগত প্ৰৱেশ কৰাৰ পূৰ্বে দুৰ্বল হৈ পৰিছিল যদিও ইয়াৰ বিধ্বংসী বতাহে কাল ৰূপ ধাৰণ কৰিছিল। খবৰটো সদৰি কৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মুখ্য মুখপাত্ৰ ষ্টেফান ডুজাৰিকে । দেশখনৰ ভাটোভাভি অঞ্চলতে ক্ষতিগ্ৰস্ত হয় ৪৫০০ৰো অধিক বাসগৃহ। এই পৰ্যন্ত প্ৰায় ৭ হাজাৰ লোকক সহায় আগবঢ়াইছে ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংশীদাৰ সংস্থাসমূহে।

ইফালে স্থানান্তৰিত লোকসকলক খাদ্য, শিবিৰ পৰিচালনা আৰু জৰুৰীকালীন দূৰসংযোগৰ সঁজুলি যোগান ধৰা হৈছে। ঘূৰ্ণীবতাহৰ পূৰ্বে স্বাস্থ্য কেন্দ্ৰসমূহত পুষ্টিৰ যোগান পুনৰ ভৰাই তোলা হৈছে বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মুখ্য মুখপাত্ৰই ।।

You might also like
Leave A Reply

Your email address will not be published.