- বিদেশী বহিষ্কাৰ নকৰে
সকীয়নি উচ্চতম ন্যায়ালয়ৰ
অবৈধ বিদেশী বহিষ্কাৰ নকৰাক লৈ অসম চৰকাৰৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয়। মঙলবাৰে বিদেশী বহিষ্কৰণ সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক তীক্ষ্ণ সমালোচনা কৰাৰ লগতে শুভ মহুৰতৰ বাবে ৰৈ আছে নেকি বুলি প্ৰশ্ন কৰে। ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞা বিচাৰপীঠে এফালৰ পৰা অসম চৰকাৰক তুলাধুনা দিয়ে। প্ৰধানতঃ অসম চৰকাৰে চিনাক্ত অবৈধ বিদেশীক বিতাড়নৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ নকৰা কাৰ্যত খঙত অগ্নিশৰ্মা হৈ পৰে দুয়ো ন্যায়াধীশ। সেয়ে তাচ্ছিল্য সূচক মন্তব্য কৰি শুভ মহুৰতৰ বাবে ৰৈ আছে নেকি বুলি প্ৰশ্ন কৰে। অসম চৰকাৰৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামা দেখি অগ্নিশৰ্মা হৈ পৰা ন্যায়ালয়ে অবৈধ নাগৰিকক বিতাড়ন কৰিবলৈ দুসপ্তাহৰ সময় বান্ধি দিয়ে। জানিব পৰা মতে বৰ্তমান ৰাজ্যৰ ডিটেনচন কেম্পত ৬৩ বিদেশী নাগৰিক বন্দী হৈ আছে। বছৰৰ পিছত বছৰ ধৰি বন্দী হৈ থকা এই বিদেশীসকলক স্বদেশলৈ ওভতাই পঠিওৱাৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। ন্যায়ালয়ক অসম চৰকাৰে জনায় যে চিনাক্ত বিদেশীৰ ঘৰৰ ঠিকনা বিচাৰি পোৱা নাই। সেয়ে প্ৰেৰণ কৰিব পৰা হোৱা নাই। ন্যায়াধীশ অ’কা আৰু ন্যায়াধীশ ভূঞাই অসম চৰকাৰক নিৰ্দেশ দি কয় যে চিনাক্ত বিদেশীৰ প্ৰধান চহৰ সমূহৰ নাম লৈ সেই ঠাই সমূহলৈ শীঘ্ৰেই প্ৰেৰণ কৰিব লাগে। এঢাপ আগবাঢ়ি গৈ ন্যায়ালয়ে অসম চৰকাৰক আনকি কয় যে এবাৰ বিদেশী চিনাক্ত কৰাৰ পিছত তেওঁলোকক অনিৰ্দিষ্ট কাললৈ বন্দী কৰি ৰাখিব নোৱাৰি। সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি সকলোৰে জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাধীনতা আছে। সেই অধিকাৰ কেতিয়াও ভংগ কৰিব নোৱাৰি। তেনেস্থলত কিদৰে চিনাক্ত বিদেশীক বছৰ বছৰ ধৰি ডিটেনচন কেম্পত বন্দী কৰি ৰখা হৈছে তাক ন্যায়ালয়ে জানিব বিচাৰে। অসম চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত থিয় হোৱা অধিবক্তা একপ্ৰকাৰ বাকৰুদ্ধ হৈ পৰে। কিয়নো ন্যায়ালয়ৰ যুক্তিৰ আধাৰত উত্তৰ দিব পৰাকৈ অসম চৰকাৰৰ তৰফৰ পৰা পৰ্যাপ্ত নথি যোগান ধৰিব নোৱাৰিলে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰা কঠোৰ ৰায়ৰ পিছত অসম চৰকাৰে চিনাক্ত বিদেশী বিতাড়নৰ ক্ষেত্ৰত এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like