নিউজ ডেক্স:
অশান্তজৰ্জৰ মণিপুৰত কুকি স্বেচ্ছাসেৱকৰ শান্তিৰ বাৰ্তা। মুকলি কৰি দিয়া হ’ল বন্দী কৰি থোৱা ৫ জনকৈ মেইটেই যুৱকক। অগ্নিগৰ্ভা মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থতেই কুকি স্বেচ্ছাসেৱকসকলে বন্দী কৰি ৰখা ৫ গৰাকীকৈ মেইটেই যুৱকক মুকলি কৰি দিয়ে।
চাইকুল আৰক্ষী থানাৰ অন্তৰ্গত ৫ যুৱকক কুকি স্বেচ্ছাসেৱক সকলে চলোৱা জেৰাত বহুতো চাঞ্চল্যকৰ তথ্য লাভ কৰাৰ পাছতো মেইটেই সম্প্ৰদায়ৰ লোক সকললৈ শক্তিশালী শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈয়ে ৫ মেইটেই যুৱকক মুকলি কৰি দিয়ে কুকি স্বেচ্ছাসেৱক সকলে। কুকি স্বেচ্ছাসেৱক সকলৰ মতে, মণিপুৰৰ ব্যাপক হিংসাত্মক পৰিস্থিতিৰ মূল সূত্ৰধাৰ হৈছে মুখ্যমন্ত্ৰী এন বীৰেন সিং। মেইটেই সম্প্ৰদায়ৰ বহুতো লোক এই হিংসাৰ বিৰোধী। এন বীৰেন সিং মুখ্যমন্ত্ৰী হিচাপে বিফল। অগ্নিগৰ্ভা মণিপুৰত প্ৰাণৰ মমতাত প্ৰায় ৭০ হাজাৰ লোকে সুৰক্ষিত স্থানলৈ ঢাপলি মেলাৰ সময়তে আজি শান্তিৰ বাৰ্তা হিচাপে বন্দী কৰি থোৱা যুৱককেইজনক মুকলি কৰি দিয়ে কুকি স্বেচ্ছাসেৱক সকলে।
‘আমি কুকিসকল শান্তিপ্ৰিয়, আমি এই হিংসাৰ সমাপ্তি বিচাৰো’ -এই মন্তব্য কুকি সমাজৰ। লগতে মেইটেই সকলক কুকিসমাজৰ শান্তিপূৰ্ণ মানসিকতা অনুসৰণ কৰি হিংসাৰ সমাপ্তি ঘটোৱাৰ আহ্বান কুকি স্বেচ্ছাসেৱক সকলৰ।।