নিউজ ডেস্ক:
আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান। প্ৰায় ২১ হাজাৰ বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলড’জাৰ । প্ৰায় ৮০০ পৰিয়ালক কৰা হ’ব উচ্ছেদ।উচ্ছেদৰ বাবে মোতায়ন ২০০০ আৰক্ষী জোৱান। শোণিতপুৰ জিলাৰ ঠেং ভঙা চৰ,বিছকুটি চৰ,চৰ্দাৰ, পানচু চৰ,টেঙাগুৰি, মুছলিম চৰ, শিঙিৰি , চিতলমাৰী চৰ, টেঙাগুৰি চৰসহ মুঠ ৯টা চৰ দখলমুক্ত কৰাৰ উদ্দেশ্যে চলিব এই উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে নাৱেৰে লৈ যোৱা হৈছে ট্ৰেক্টৰসমূহ। দুদিনীয়াকৈ চলিব এই উচ্ছেদ অভিযান।