আজি ১০ মে’

▶️আজি ইজৰাইলৰ জাতীয় দিৱস।
▶️১৫২৬ চনৰ আজিৰ দিনটোতেই পাণীপথৰ প্ৰথম যুদ্ধত জয়লাভ কৰি তৎকালীন ভাৰতৰ ৰাজধানী আগ্ৰাত বাবৰৰ প্ৰৱেশ। আগ্ৰাতে বাবৰৰ ৰাজধানী তথা বাসস্থান স্থাপন।
▶️১৭৭৫ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ইংৰাজ উপনিৱেশবোৰৰ এক প্ৰতিনিধিত্বমূলক সংস্থা কণ্টিনেণ্টেল কংগ্ৰেছৰ দ্বিতীয় সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনতে জৰ্জ ৱাশ্বিংটনক কণ্টিনেণ্টেল কংগ্ৰেছৰ নেতা ঘোষণা কৰা হয়।
▶️১৮২৯ চনৰ আজিৰ দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী, চিকিৎসক আৰু মিছৰবিদ (Egyptologist) টমাছ ইয়ঙৰ মৃত্যু হৈছিল। পোহৰ যে প্ৰকৃততে তৰংগহে, সেই কথা ইয়ঙেই আৱিষ্কাৰ কৰিছিল।
▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই মীৰাটত প্ৰকাশ্যে চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। ইয়াৰ পূৰ্বে এই বছৰৰে ২৬ ফেব্ৰুৱাৰীত বংগত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই ফিলাডেলফিয়াত প্ৰথম মাতৃ দিৱস উদযাপন।
▶️১৯৬৯ চনৰ এই দিনটোতেই মাৰ্কিন মহাকাশযান ‘এপলো-১০’ৰ প্ৰথম পৃথিৱীলৈ ৰঙীন চিত্ৰ প্ৰেৰণ।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাৰ মৃত্যু।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই অসমৰ ৰাজ্যপাল ৰূপে হৰিদেউ যোশীৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৮৯ চনৰ ২১ জুলাইলৈকে তেওঁ এই পদবীত আছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি ৰূপে নেলছন মাণ্ডেলাৰ শপতগ্ৰহণ।
▶️১৯৯৮ চনৰ এই দিনটোতেই ঔপন্যাসিক কাঞ্চন বৰুৱাৰ মৃত্যু ঘটিছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসম, তামিলনাডু,কেৰালা,পশ্চিম বংগ আৰু পণ্ডিচেৰীত বিধানসভাৰ নিৰ্বাচন।অসমত ক্ষমতালৈ আহিছিল কংগ্ৰেছ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বিশিষ্ট উৰ্দু কবি কাইফি আজমীৰ মৃত্যু।
▶️২০০২ চনৰ এই দিনটোতেই লোকসভাৰ অধ্যক্ষ ৰূপে মনোহৰ যোশীৰ শপতগ্ৰহণ। ২০০৪ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই সংসদৰ চেন্ট্ৰেল হলত স্বাধীনতাৰ প্ৰথম যুদ্ধ বা চিপাহী বিদ্ৰোহৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন।।

 

You might also like
Leave A Reply

Your email address will not be published.