আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

 

নিউজ ডেস্ক :

জি পুৱাৰে পৰা অব্যাহত আছে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ২২৪ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ।মুঠ ৫৮,২৮২টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।২,৬১৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত্‍ নিৰ্ণয় কৰিব ৰাজ্যখনৰ ৫ কোটিৰো অধিক ভোটাৰে।
ভোটাৰসকলৰ ভিতৰত ২,৫৮,০১,৪০৮ জন পুৰুষ, ২,৫২,৪৮,৯২৫ গৰাকী মহিলা আৰু ৪,৮৩৯ গৰাকী তৃতীয় লিংগৰ।

নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যজুৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে । চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও প্ৰায় ৮,৫০০ আৰক্ষীৰ লগতে গৃহৰক্ষী মোতায়েন কৰা হৈছে।ৰাজ্যখনত ১.৫ লাখতকৈও অধিক আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে ।

ভোটকেন্দ্ৰসমূহত ভোটদানৰ প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিবলৈ মাইক্ৰ’ অবজাৰ্ভাৰ, ৱেবকাষ্টিং আৰু চিচিটিভিৰ দৰে একাধিক পদক্ষেপ লোৱা হৈছে ।
১৩ মে’ত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল।।

You might also like
Leave A Reply

Your email address will not be published.