পুনৰ মৃত্যু নামিবিয়াৰ পৰা অনা চিতা বাঘৰ…

নিউজ ডেস্ক:

 

পুনৰ দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা এজনী চিতা বাঘিনীৰ মৃত্যু। জানিব পৰা মতে উদ্যানখনত থকা দুটা মতা চিতা বাঘৰ সৈতে হোৱা যুঁজৰ ফলত মাইকী চিতা বাঘিনীজনীৰ মৃত্যু ঘটে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নৰেন্দ্ৰ মোডীয়ে আফ্ৰিকাৰ পৰা অনা দুটাকৈ চিতা বাঘৰ মৃত্যু হৈছিল।
মনকৰিবলগীয়া বিষয়টো হ’ল যে নামিবিয়াৰ পৰা অনা ১২টা চিতাৰ ভিতৰত এইটো যোৱা ৪০ দিনত মৃত্যু হোৱা তৃতীয়টো চিতা।

বিগত দুমাহত দক্ষিণ আফ্ৰিকাৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা উদয় নামৰ এটা মতা চিতা আৰু ছাছা নামৰ এজনী মাইকী চিতাৰ মৃত্যু হৈছিল।
বিশেষজ্ঞসকলৰ মতে চিতা বাঘবোৰক কেইবামাহো বন্দী কৰি থোৱাৰ ফলত দীৰ্ঘদিনীয়া মানসিক চাপত ভুগি এনে ঘটনা সংঘটিত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.