বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধা অচিৰেই আৱদ্ধ হ’ব বিবাহপাশত!

খবৰ মতে, ১৩ মে’ত সম্পন্ন হ'ব আঙঠি পিন্ধোৱা পৰ্ব

এণ্টাৰটেইনমেণ্ট ডেস্ক:

লীউডৰ মোহময়ী অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাধা অচিৰেই আৱদ্ধ হ’ব বিবাহপাশত। । দিল্লীত প্ৰায় ১৫০ গৰাকী ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত সম্পন্ন হ’ব আঙুঠি পিন্ধোৱা পৰ্ব। অৱশ্যে এতিয়ালৈকে চৰ্চিত দৰা-কইনাই আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো খবৰ বা তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত নিশ্চিত কৰা নাই।

যোৱা কেইমাহ মান ধৰি পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ ডেটিঙৰ উৰাবাতৰিৰ বিষয়ে সৰ্বত্ৰে চৰ্চিত হৈ আছে। কেইমাহমান পূৰ্বে দুয়োকে একেলগে দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰা দেখা পোৱাৰ পিছতে নেটিজেন সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে এই যুটিটোৱে।ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেলৰ সময়তো পঞ্জাৱ ক্ৰিকেট এছ’চিয়েশ্যনৰ ষ্টেডিয়ামত অন্তৰংগ মুহুৰ্তত দেখা গৈছিল পৰিনীতি-ৰঘৱক।।

You might also like
Leave A Reply

Your email address will not be published.