আজি ১১ মে’

➡️আজি ৰাষ্ট্ৰীয় প্ৰয়ুক্তি দিৱস।
➡️১৩৩০ চনত কনষ্টান্টিনোপল (ইস্তানবুল) ৰোমান সাম্ৰাজ্যৰ ৰাজধানী।
➡️১৮৫৭ চনত দিল্লীত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত, ক্ৰমশঃ ই সৰ্বত্ৰ বিয়পি পৰে।
➡️১৯০৪ চনত স্পেইনৰ চিত্ৰকৰ ছালভাদৰ ডালিৰ জন্ম।
➡️১৯২৩ চনত আমেৰিকাৰ সাহিত্যিক ৰবাৰ্ট ফ্ৰষ্টলৈ তেওঁৰ ‘নিউ হাম্পশ্বায়াৰ’ শীৰ্ষক কাব্য সংকলনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।
➡️১৯৫১ চনত গুজৰাটত ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা নতুন সোমনাথ মন্দিৰ মুকলি।
➡️১৯৬৩ চনত মাৰ্কিন শৰীৰতত্ত্ববিদ, বিজ্ঞানী হাৰ্বাট স্পেইনছাৰ গাছাৰৰ মৃত্যু হয়। স্পেনছাৰে ১৯৪৪ চনত চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৮৭ চনত কোৰহন একুইনো ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হয়।
➡️১৯৯৮ চনত ৰাজস্থানৰ পোখৰানত ভাৰতৰ পৰীক্ষামূলক পাৰমানৱিক বোমা বিস্ফোৰণ (১১,১৩ মে’)। সমগ্ৰ বিশ্বতে ভাৰতক সমালোচনা, আমেৰিকাৰ অৰ্থনৈত্ক অৱৰোধৰ ঘোষণা।
➡️১৯৯৯ চনত ৰাজীৱ গান্ধী হত্যা গোচৰত অভিযুক্ত চাৰিজনক মৃত্যুদণ্ড।
➡️২০০৪ চনত ‘চাহেবপুৰাৰ বৰষুণ’ৰ বাবে অনুৰাধা শৰ্মা পুজাৰীলৈ ২০০৩ বৰ্ষৰ অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা দিয়া হয়।
➡️
২০০৬ চনত অষ্টাদশ বিধানসভা নিৰ্বাচনৰ ফল ঘোষণা সম্পূৰ্ণ। ক্ষমতাত পুনৰ কংগ্ৰেছ।

You might also like
Leave A Reply

Your email address will not be published.