শিহৰণকাৰী!
মাতৃ-পত্নী-সন্তানক হত্যা কৰি আত্মঘাতী স্বামী
উত্তৰ প্ৰদেশৰ শনিবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নিজ মাতৃ-পত্নী-সন্তানক হত্যা নৃশংসভাৱে হত্যা কৰি আত্মহত্যা কৰে এজন নিচাসক্ত লোকে। ঘটনাটো সংঘটিত হয় লক্ষ্ণৌৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সীতাপুৰৰ ৰামপুৰ মথুৰাৰ পালহাপুৰ গাঁৱত।
আৰক্ষীয়ে জনোৱা মতে ৪২ বছৰীয়া অনুৰাগ সিঙে প্ৰথমে ৬৫ বছৰীয়া নিজ মাতৃ সাবিত্ৰীক গুলীয়াই হত্যা কৰে তাৰ পাছতেই ৪০ বছৰীয়া পত্নী প্ৰিয়ংকাক হাতুৰীৰে কোবাই নৃশংসভাৱে হত্যা কৰে। ইমাণৰ পিছতো শান্ত নহয় অনুৰাগ সিং। মাতৃ-পত্নীক হত্যা কৰাৰ পিছত অনুৰাগে নিজৰ তিনিওটা সন্তানক ঘৰৰ চাদৰ পৰা দলিয়াই হত্যা কৰে। শিশুকেইটাৰ বয়স ১২,৯ আৰু ৬ বছৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, অনুৰাগ সিং এজন ড্ৰাগছ আসক্ত ব্যক্তি। পৰিয়ালৰ লোকে তেওঁক নিচামুক্তি কেন্দ্ৰলৈ পঠিয়াব বিচৰাৰ বাবেই তেওঁৰ পৰিয়ালৰ সৈতে প্ৰায়েই সংঘাত হৈছিল। শনিবাৰেও তেনে এক কথাতেই অনুৰাগ সিঙৰ পৰিয়ালৰ লগত পুনৰ সংঘাত হোৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহবোৰ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জ্যেষ্ঠ আৰক্ষী বিষয়া চক্ৰেশ মিশ্ৰই জনোৱা মতে আৰক্ষী আৰু ফৰেনচিক দলে গোচৰটোৰ সকলো দিশ অনুসন্ধান কৰি আছে। বিতং তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত এটা গোচৰ ৰুজু কৰা হ’ব।