জুৰীয়াত চুৰিকাণ্ড!

লুটি লৈ গ'ল নগদ ধনৰ লগতে আ-অলংকাৰ

জুৰীয়াত চুৰিকাণ্ড! : জুৰীয়াত দিন দুপৰতে চুৰিকাণ্ড । মহিলাৰ মূৰত পিষ্টল টোৱাই লুটি লৈ গ’ল নগদ ধন সহ আ-অলংকাৰ। লগতে চোৰে লুটি নিলে কেইবাযোৰ পাটৰ কাপোৰ, লগতে কাঁহৰ বাচন বৰ্তন। ৰাইজে দৌৰাই দৌৰাই আতক কৰিলে ধৃত চোৰ দুটাক। চোৰৰ দ’লটোৰ পৰা কেইবাজনো এতিয়ালৈ পলাতক অৱস্থাত আছে। পলায়ন কৰা চোৰৰ দ’লটোৰ পৰা এখন আপাচি বাইক জব্দ কৰে। এই চুৰিকাণ্ডৰ ঘটনা জুৰীয়াৰ চামধৰাৰৰ ইন্দ্ৰ বৰাৰ ঘৰত সংঘটিত হয়। জুৰীয়া চামধৰাত ভাগৱত পাঠ চলি থকাৰ সুযোগতে এই চাৰি পাঁচ জনীয়া চোৰৰ দলটো সোমাইছিল ইন্দ্ৰ বৰাৰ গৃহত। ঘৰত কোনো নথকাৰ সুযোগত লুট পাট চলাই থকাৰ সময়তেই ইন্দ্ৰ বৰাৰ পত্নী আহি উপস্থিত হয়। তেতিয়াই চোৰৰ দলে মহিলা গৰাকীৰ মূৰত পিষ্টল টোৱাই যদিও মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহে আৰু দৌৰাই দৌৰাই ধৰে ধৃত দুই চোৰক। অৱশ্যে দলটোৰ পৰা আন কেইবাজনো পলাই সাৰে। ইতিমধ্যে দুই চোৰক স্থানীয় গতাই দিয়ে আৰক্ষীক ।

You might also like
Leave A Reply

Your email address will not be published.