আজি ১২ মে’

➡️আজি  বিশ্ব উচ্চ ৰক্তচাপ দিবস।

➡️আজি বিশ্ব নাৰ্ছ দিবস।

➡️১৬৬৬ চনত ঔৰংগজেৱৰ সৈতে হোৱা এক চুক্তি কাৰ্যকৰী কৰাৰ বাবে শিৱাজী উপস্থিত। ১৬৬৫ চনৰ ৯ ছেপ্টেম্বৰত শিৱাজী আৰু ঔৰংগজেৱৰ মাজত স্বাক্ষৰিত এই চুক্তি ইতিহাসত ‘পুৰন্দৰ চুক্তি’ নামে খ্যাত।

➡️১৭৭৭ চনত  ‘নিউয়র্ক গেজেটত আইচক্ৰীমৰ প্ৰথম বিজ্ঞাপন প্রকাশ। এইটোৱেই আইচক্ৰীমৰ বিজ্ঞাপন।

➡️১৮২০ চনত ‘দি লেডী উইথ দি লেম্প’ নামে খ্যাত ইংৰাজ শুশ্রূষাকাৰিণী ফ্লোৰেন্স নাইটিংগেলৰ জন্ম

➡️১৮৫৭ চনত ইংৰাজ বিজ্ঞানী ছাৰ ৰোনাল্ড ৰছৰ জন্ম, হিমাচল প্ৰদেশৰ আলমোৰাত। বোনাল্ড ৰছে আৱিষ্কাৰ কৰে যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা সংক্রমিত হয়। এই আৱিষ্কাৰৰৰ বাবে তেওঁ লাভ কৰে ১৯০২ চনৰ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা।

➡️১৯০৭ চনত প্রসিদ্ধ চলচ্চিত্র অভিনেত্রী কেথবিন হেপবার্নৰ জন্ম।

➡️১৯২৮ চনত মুছোলনীৰ দ্বাৰা ইটালীত মহিলাৰ সকলো অধিকাৰ ৰদ ১৯৫১ আমেৰিকাত বিশ্বৰ প্ৰথমটো হাইড্রোজেন বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ।

➡️১৯৯১ চনত নেপালত প্রথম সাধাৰণ নির্বাচন।

➡️১৯৯৮ চনত ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অৱসৰৰ সময়সীমা ৫৮ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰা হয়।

➡️২০০৪  চনত অন্ধ্র প্রদেশৰ ৰাজ্যপাল সুৰজিৎ সিং বার্নালাৰ ৱাই এছ ৰাজশেখৰ ৰেষ্ট্ৰীক ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্রণ।

➡️২০০৩ চনত কংগোত বিমান দুর্ঘটনা, দুই শতাধিক লোকৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.