আজি ১৩ মে’

আজি ৰাষ্ট্ৰীয় সংহতি দিৱস।

➡️১৬৪৮ দিল্লীত লালকিল্লা নিৰ্মাণৰ কাম সম্পূর্ণ। ১৬৩৯ চনৰ ২৯ এপ্ৰিলত ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল।

➡️১৮৫০ আনন্দৰাম বৰুৱাৰ জন্ম। ১৯০৫ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া ফখরুদ্দিন আলী আহমেদৰ জন্ম।

➡️১৯১৩ চাৰিটা ইঞ্জিনযুক্ত বিমানৰ প্ৰথম উৰণ ৰাছিয়াত। – ১৯৬২ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ৰূপে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৬৭ চনৰ ১৩ মে ‘লৈকে তেওঁ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।

➡️১৯৬৭ ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ শপত গ্রহণ।

➡️১৯৯৬ তামিলনাডুৰ মুখ্য মন্ত্ৰী ৰূপে এম কৰুণানিধিৰ শপত গ্রহণ।

➡️১৯৯৮ ৰাজস্থানৰ পোখৰানত ভাৰতৰ পৰীক্ষামূলক পাৰমাণৱিক বোমা বিস্ফোৰণ।

➡️২০০০ ভাৰতৰ লাৰা দত্তৰ ‘মিছ ইউনিভাৰ্ছ’ খিতাপ অর্জন। ২০০১ ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণৰ (সম্পূর্ণ নাম ৰছিপুৰম কৃষ্ণস্বামী নাৰায়ণস্বামী) মৃত্যু।

➡️২০০৪ চতুর্দশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। ক্ষমতাত থকা বিজেপি দলৰ পৰাজয়।

You might also like
Leave A Reply

Your email address will not be published.