অনন্ত ধামলৈ যাত্ৰা অন্ধবিশ্বাসবিৰোধী যোদ্ধা বিৰুবালা ৰাভা….

সমঃ পদ্মশ্ৰী বঁটা বিজয়ী তথা ডাইনী চিকাৰ বিৰোধীতা, যোদ্ধা বীৰুবালা ৰাভাৰ আজি দেহাৱসান।
ডাইনী চিকাৰৰ দৰে মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰখ্যাত মানৱ অধিকাৰ কৰ্মী তথা পদ্মশ্ৰী বঁটা বিজয়ী বীৰুবালা ৰাভাই আজি পুৱা প্ৰায় ৯:২৩ বজাত ৭০ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে সাহসী সত্ত্বাগৰাকীয়ে। কৰ্কট ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ যোৱা ২২ এপ্ৰিলৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিলে ৰাভা ৷

সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ৪ মে’ৰ পৰা চিকিৎসালয়খনৰ আই চি ইউ ত তেখেতক ভৰ্তি কৰা হৈছিল ৷ উল্লেখ্য যে, অসমত তথাকথিত ‘ডাইনী’ৰ নামত হত্যা-নিৰ্যাতন আদি সামাজিক ব্যাধি তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰি বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ যুঁজত অগ্ৰণী সৈনিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা স্বনামধন্য মহিলা, ‘মিছন বিৰুবালা’ৰ গুৰি ধৰোঁতা তথা মানৱতাবাদী সমাজকৰ্মী আছিল বিৰুবালা ৰাভা ৷

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল ৷ বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল ৷ পৰৱৰ্তী সময়ত ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে বিৰুবালা ৰাভাই বিবাহপাশত আৱদ্ধ হয় ৷

২০০০ চনৰ পৰাই ধাৰাবাহিকভাৱে তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে জনজাগৰণৰ সৃষ্টি কৰি আহিছে ৷ প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছিল ৷ ২০২১ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল ৷

বিশিষ্ট সমাজকৰ্মীগৰাকীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক অনিয়ম, অন্ধবিশ্বাস, কু-প্ৰথা, ডাইনী-হত্যা আদিৰ বিৰুদ্ধে আজীৱন অসাধাৰণ সংগ্ৰাম চলাই যোৱা পদ্মশ্ৰী ৰাভাৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য প্ৰকাশ কৰে ৷

You might also like
Leave A Reply

Your email address will not be published.