আজি ১২ জুলাই

▶️আজি কিৰিবাটিৰ ৰাষ্ট্ৰীয় দিৱস।
▶️খ্ৰীষ্টপূৰ্ব ১০১ৰ আজিৰ দিনটোতেই ৰোমান সেনানায়ক জুলিয়াছ চিজাৰৰ জন্ম হৈছিল।
▶️১৮২৩ চনৰ আজিৰ দিনটোতেই ভাৰতত নিৰ্মিত প্ৰথম বাষ্পচালিত জাহাজ ‘ডায়ানা’ৰ কলকাতা বন্দৰৰ পৰা যাত্ৰাৰম্ভ।
▶️১৮৬৩ চনৰ এই দিনটোতেই যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জিৰ অন্যতম আৱিষ্কাৰক এলবাৰ্ট কামেটৰ ফ্ৰান্সত জন্ম।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই কবি পাবলো নেৰুডাৰ জন্ম। ১৯৭১ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেললৈ মৰনোত্তৰভাৱে ‘ভাৰত ৰত্ন’ সন্মান।
▶️১৯৯৮ চনৰ এই দিনটোতেই ব্ৰাজিলক ৩-০ গ’লত পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবলৰ খিতাপ অৰ্জন।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেতা ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্ৰকল্পৰ মানৱ সম্পদ উন্নয়ন প্ৰতিবেদনত ১৭২ খন দেশৰ ভিতৰত ভাৰতৰ ১৩২ সংখ্যক স্থান লাভ। মধ্যমীয়া উন্নয়নশীল শ্ৰেণীৰ দেশৰ ভিতৰত ভাৰত উন্নত।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাদী পাৰ্টীৰ সমৰ্থন, পিপুলছ ফ্ৰন্টৰ বিভাজন।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত আয়োজিত অলিম্পিক দিৱসৰ দৌৰত জ্যোতিৰ্ময়ী শিকদাৰৰ অংশগ্ৰহণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বানত ৰাজ্যখনৰ লক্ষাধিক লোক আক্ৰান্ত, প্ৰায় দুশ লোকৰ মৃত্যু।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই অসমত প্ৰৱৰ্তিত বিতৰ্কিত আই এম ডি টি আইন বাতিল।।

You might also like
Leave A Reply

Your email address will not be published.