মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শুল্ক বিভাগৰ বৃহৎ সফল অভিযান!

চোৰাং মুদ্ৰা কঢ়িওৱাৰ অপৰাধত গ্ৰেপ্তাৰ চাৰিগৰাকীকৈ থাই মহিলাক

নিউজ ডেস্ক:

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শুল্ক বিভাগৰ বৃহৎ সফল অভিযান। চোৰাং মুদ্ৰা কঢ়িওৱাৰ অপৰাধত গ্ৰেপ্তাৰ চাৰিগৰাকীকৈ থাই মহিলাক।

শুল্ক বিভাগৰ সূত্ৰৰ মতে, দেওবাৰে সন্ধিয়া এয়াৰ ইনটেলিজেন্স ইউনিটৰ বিষয়াসকলে যাত্ৰী প্ৰফাইলিঙৰ ভিত্তিত ফাপাফাছ চাৰোনিথি নামৰ এগৰাকী মহিলাৰ ওপৰত সন্দেহ উপজি তেওঁৰ বেগটো পৰীক্ষা কৰাত উদ্ধাৰ হয় অবৈধ আমেৰিকান ডলাৰ। পিছত এয়াৰ ইণ্টেলিজেন্স ইউনিটৰ বিষয়াসকলে একে উপাধিৰ আন যাত্ৰীসকলক চিনাক্ত কৰি ব্যক্তিগত তালাচী লয়। আন তিনিগৰাকী থাই মহিলা নাপাট চাৰোনিথি, কোটচাফাছ চাৰোনিথি আৰু জিন্তৰা চাইয়া বুলি জানিব পৰা গৈছে। মহিলাসকলৰ পৰা জব্দ কৰা হৈছে ২.২৮ কোটি টকাৰ অবৈধ আমেৰিকান ডলাৰ। মহিলাকেইগৰাকীয়ে মুম্বাইৰ পৰা বেংককলৈ উৰা মৰাৰ প্ৰস্তুতি চলাইছিল। সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় চাৰিওগৰাকী থাই মহিলাক । চাৰিওগৰাকীৰ বিৰুদ্ধে শুল্ক আইন আৰু বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.