আজি ১২ মে

▶️আজি উচ্চ ৰক্তচাপ দিৱস।
▶️আজি বিশ্ব নাৰ্চ দিৱস।
▶️১৬৬৬ চনৰ আজিৰ দিনটোতেই ঔৰংগজেৱৰ সৈতে হোৱা এক চুক্তি কাৰ্যকৰী কৰাৰ বাবে শিৱাজী উপস্থিত। ১৬৬৫ চনৰ ৯ ছেপ্টেম্বৰত শিৱাজী আৰু ঔৰংগজেৱৰ মাজত স্বাক্ষৰিত এই চুক্তি ইতিহাসত পুৰন্দৰ চুক্তি নামে খ্যাত।
▶️১৭৭৭ চনৰ আজিৰ দিনটোতেই ‘নিউয়ৰ্ক গেজেট’ত আইচক্ৰীমৰ প্ৰথম বিজ্ঞাপন প্ৰকাশ। এইটোৱেই আইচক্ৰীমৰ প্ৰথম বিজ্ঞাপন।
▶️১৮২০ চনৰ এই দিনটোতেই ‘দি লেডী উইথ দি লেম্প’ নামে খ্যাত ইংৰাজ শুশ্ৰূষাকাৰিণী ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল।
▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী ছাৰ ৰোনাল্ড ৰছৰ জন্ম হৈছিল হিমাচল প্ৰদেশৰ আলমোৰাত। ৰোনাল্ড ৰছেই আৱিষ্কাৰ কৰিছিল মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা।এই আৱিষ্কাৰৰ বাবে তেওঁ ১৯০২ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ চলচ্চিত্ৰ অভিনেত্ৰী কেথৰিন হেপবাৰ্নৰ জন্ম হৈছিল।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই মুছোলনীৰ দ্বাৰা ইটালীত মহিলাৰ সকলো অধিকাৰ ৰদ।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই আমেৰিকাত বিশ্বৰ প্ৰথমটো হাইড্ৰজেন বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ।
▶️১৯৯১ চনৰ এই দিনটোতেই নেপালত প্ৰথম সাধাৰণ নিৰ্বাচন।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অৱসৰৰ সময়সীমা ৫৮ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰা হয়।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল সুৰজিৎ সিং বাৰ্নালাৰ ৱাই এছ ৰেড্ডীক ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই কংগোত বিমান দুৰ্ঘটনাত দুই শতাধিক লোকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.