আহমেদাবাদৰ কানপুৰ-ঝান্সি ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

নেচনেল ডেস্ক:

গুজৰাটৰ আহমেদাবাদৰ কানপুৰ-ঝান্সি ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৪৫ গৰাকী যাত্ৰী কঢ়িয়াই অনা কানপুৰ অভিমুখী এখন ব্যক্তিগত বাছে কানপুৰ-ঝান্সি ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় বাছ খনৰ কণ্ডাক্টৰজন । আনহাতে ৩৫ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয়। নিহত কণ্ডাক্টৰজনৰ নাম বাব্বান বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সামান্য আঘাতপ্ৰাপ্ত যাত্ৰীসকলক কালপিৰ কমিউনিটি হেল্থ চেণ্টাৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে গুৰুতৰভাৱে আহত সকলক উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাটো কোতৱালী আট্টা অঞ্চলৰ অন্তৰ্গত চাই মন্দিৰৰ ওচৰত সংঘটিত হয়।

You might also like
Leave A Reply

Your email address will not be published.