নিউজ ডেস্ক :

ধেমাজিৰ চিলাপথাৰত অস্ত্ৰধাৰী ডকাইতৰ দললৈ আৰক্ষীৰ গুলী। গুলীবিদ্ধ লখিন্দ্ৰ বাছফৰ নামৰ এটা ডকাইত। বুধবাৰে নিশা প্ৰায় ২.৩০ মান বজাত অসম অৰুণাচলৰ সীমান্তবৰ্তী চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰত তিনিজনীয়া এটা ডকাইতৰ দলৰ সৈতে আৰক্ষীৰ প্ৰচণ্ড গুলীয়াগুলী।আত্মৰক্ষাৰ্থে আৰক্ষীয়ে গুলী চলোৱাত আহত হয় ডকাইতটো।

গুলীয়াগুলীৰ ফলত এল্ট’ গাড়ীত যোৱা তিনিজনীয়া ডকাইতৰ দলটোৰ এটা আৰক্ষীৰ গুলীত আহত হোৱাৰ বিপৰীতে বাকী দুটাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷গুলীবিদ্ধ লখিন্দ্ৰ বাছফৰ নামৰ ডকাইতটোৰ পৰা আৰক্ষীয়ে ২ খন দা, ৰড, জিনচ্ পেন্ট ১৫ টা, ১৩ হেজাৰ টকা, ট্ৰেকপেন্ট ৬ টা আৰু এখন বগা ৰঙৰ এল্ট’ গাড়ী জব্দ কৰে।

উল্লেখ্য যে, ধেমাজি নগৰৰ ৰামনগৰৰ পৰা এখন এল্ট’ গাড়ীৰে নগদ ধন আৰু সোনৰ অলংকাৰ লুন্ঠন কৰি নিছিল ডকাইতৰ দলটোৱে।।

You might also like
Leave A Reply

Your email address will not be published.