আজি ১৩ ডিচেম্বৰ

▶️১৭৮৪ চনৰ এই দিনটোতেই ইংৰাজ ভাষাতত্ববিদ, কবি-সমালোচক ছেমুৱেল জনছনৰ মৃত্যু হৈছিল।
▶️১৯২৫ চনৰ আজিৰ দিনটোতেই সাহিত্যিক সত্যনাথ বৰাৰ মৃত্যু হৈছিল।
▶️২০০১ চনৰ এই দিনটোতেই ভাৰতীয় সংসদত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সাতজন নিৰাপত্তাৰক্ষীৰ লগতে পাঁচ সন্ত্ৰাসবাদী আৰু এজন বাগিচা কৰ্মী নিহত হোৱাৰ বিপৰীতে আহত হৈছিল ২৬ লোক।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই যশ চোপ্ৰালৈ আগবঢ়োৱা হৈছিল দাদা চাহেব ফাল্কে বঁটা।
▶️১৯৯২ চনৰ এই দিনটোতেই ইণ্ডোনেছিয়াত সংঘটিত এক ভূমিকম্পত ২,৫০০ লোকৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰথমটো ‘ৰিলে’ উপগ্ৰহ উৎক্ষেপণ। উপগ্ৰহটোৱে টেলিভিছন, টেলিফোন, টেলিপ্ৰিন্টাৰ, ফেক্স আৰু অন্যান্য সংকেত আমেৰিকা,ইউৰোপ আৰু ব্ৰাজিলৰ মাজত প্ৰেৰণ কৰিছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই ভাৰত চৰকাৰৰ অত্যাৱশ্যকীয় পণ্য সৰবৰাহ আইন প্ৰত্যাহাৰ। ▶️১৯৮১ চনত ইন্দিৰা গান্ধীৰ আমোলত এই আইন ভাৰতত জাৰি কৰা হৈছিল।
▶️১৯৮১ চনৰ এই দিনটোতেই পোলেণ্ডত সামৰিক বাহিনীৰ ক্ষমতা দখল।
▶️১৯৯৩ চনৰ এই দিনটোতেই ৰাছিয়াত নতুন সংবিধানৰ বাবে হোৱা গণভোটত বৰিছ য়েল্টছিন জয়ী হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই অপহৃত ডাঃ ৰুবীয়া ছয়ীদৰ মুক্তি।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই কবি-সমালোচক জ্ঞানানন্দ শৰ্মা পাঠকৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.