অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত ভয়ংকৰ গুলীচালনাৰ ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড ৰাজ্যত সংঘটিত হয় এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। গুলীচালনাত আৰক্ষীসহ নিহত কমেও ছয় জন লোক। সোমবাৰে বিয়লি প্ৰায় ৪.৪৫ বজাত কুইন্সলেণ্ডৰ এটা গ্ৰাম্য সম্পত্তিত চাৰিজন আৰক্ষী বিষয়া উপস্থিত হোৱাৰ পিছতে আৰম্ভ হয় হিংসাত্মক পৰিস্থিতিৰ। ৰাজ্যখনৰ উইয়ামবিলাৰ গ্ৰাম্য সম্পত্তিত কমেও দুজন বন্দুকধাৰীয়ে বিষয়াসকলৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰে যদিও দুজন আৰক্ষী বিষয়া ঘটনাস্থলীতে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। আনহাতে গুলীচালনাৰ ফলত এজন চুবুৰীয়াও নিহত হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ইফালে অঞ্চলটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। উল্লেখ্য যে, জনবসতি কম এই অঞ্চলত কেইবাটাও বৃহৎ সম্পত্তি আৰু গেছ ক্ষেত্ৰ আছে।।

You might also like
Leave A Reply

Your email address will not be published.