আজি ১৪ জুন

▶️আজি চিচিলিৰ জাতীয় দিৱস।
▶️আজি বিশ্ব ৰক্তদাতা দিৱস।
▶️১৯০৯ চনৰ আজিৰ দিনটোতেই কমিউনিষ্ট নেতা ই এম এছ নাম্বুডিৰিপদৰ কেৰালাৰ পালঘাটত জন্ম হৈছিল। ১৯৬৭ চনত তেঁও কেৰালাত ভাৰতৰ প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰে।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই লেটিন আমেৰিকাৰ গেৰিলা নেতা,কিউবা আন্দোলনৰ অন্যতম হোতা চে গুৱেভাৰাৰ আৰ্জেন্টিনাত জন্ম হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই টেলিভিছনৰ আৱিষ্কাৰক জন লোগি বেয়াৰ্ডৰ মৃত্যু।
▶️১৯৬৬ চনৰ এই দিনটোতেই ইটালীৰ প্ৰখ্যাত কবি,সমালোচক ছালভাটোৰ কোৱাছিম’ডোৰ মৃত্যু।ইটালীৰ কাব্য সাহিত্যৰ মুকুটবিহীন সম্ৰাট ৰূপে অভিহিত কোৱাছিম’ডোৱে ১৯৫৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ষষ্ঠদশ লোকসভাৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই প্ৰখ্যাত বৃটিছ অভিনেত্ৰী ডেম পেগি এছক্ৰফটৰ ৮৩ বছৰ বয়সত লণ্ডনত মৃত্যু।সুদীৰ্ঘ ৬০ বছৰ মঞ্চ আৰু চলচ্চিত্ৰৰ লগত জড়িত এছক্ৰফটে ‘এ পেছেজ টু ইণ্ডিয়া’ ছবিত কৰা অভিনয়ৰ বাবে ১৯৮৪ চনত অস্কাৰ বঁটা লাভ কৰিছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি ছেন্ট পিটাৰ্ছবাৰ্গ ৰখা হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই থাবো মবেকি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল হামিদ কাৰজাই।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে বাওঁ মৰ্চাৰ ডঃ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই কৰাচীত মাৰ্কিন কনছুলেটৰৰ কাষত গাড়ীবোমা বিস্ফোৰণত ১০ জনৰ মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ফুটবল খেলুৱৈ ডেভিদ বেকহামক ইংলেণ্ডৰ ৰাণীৰ ‘অৰ্ডাৰ অৱ বৃটিছ এম্পায়াৰ’ সন্মান প্ৰদান।।

 

You might also like
Leave A Reply

Your email address will not be published.