ভাৰতত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভান!

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত

নিউজ ডেস্ক:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বহু চৰ্চিত আগন্তুক আমেৰিকা ভ্ৰমণৰ প্ৰাক মুহুৰ্তত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভান। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমন্ত্ৰণত মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় জেক চুলিভান। মঙলবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত। বৈঠকত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে ভাৰত-আমেৰিকাৰ ‘ইনিচিয়েটিভ অন ক্ৰিটিকেল এণ্ড ইমাৰ্জিং টেকন’লজিছ’ৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনা কৰে দুয়োগৰাকী নেতাই। আগন্তুক আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে বৈঠকৰ বাবেও সদিচ্ছা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছতে ভাৰতীয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰে জেক চুলিভানে। উল্লেখ্য যে, চুলিভানৰ ভ্ৰমণকালত তেওঁক সংগ দিয়ে মাৰ্কিন চৰকাৰৰ প্ৰতিনিধিৰ লগতে আমেৰিকাৰ উদ্যোগপতিৰ এটা দলে ।।

You might also like
Leave A Reply

Your email address will not be published.