পুনৰবাৰ বি এছ এফে বিফল কৰিলে সীমান্তৰ সিপাৰৰ পৰা নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অপচেষ্টা

এটা ব্লিংকাৰ বলৰ লগতে সন্দেহযুক্ত নিচাজাতীয় দ্ৰব্যৰ তিনিটা পেকেট উদ্ধাৰ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে

নেচনেল ডেস্ক:

ঞ্জাৱত সষ্টম সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে পুনৰবাৰ বিফল কৰিলে সীমান্তৰ সিপাৰৰ পৰা নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অপচেষ্টা। বুধবাৰে পুৱা পঞ্জাৱৰ ফিৰোজপুৰ সীমান্তৰ সমীপত ড্ৰ’নে নিক্ষেপ কৰা এটা ব্লিংকাৰ বলৰ লগতে সন্দেহযুক্ত নিচাজাতীয় দ্ৰব্যৰ তিনিটা পেকেট উদ্ধাৰ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।

বি এছ এফৰ এক আনুষ্ঠানিক বিবৃতি অনুসৰি, আজি পুৱা প্ৰায় ৭.৩০ বজাত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত ফিৰোজপুৰ জিলাৰ মাবোক গাঁৱৰ উপকণ্ঠ অঞ্চলত বি এছ এফে উদ্ধাৰ কৰে নিচাজাতীয় দ্ৰব্যখিনি। গাঁওখনৰ কৃষি পথাৰত ৩টা সৰু পেকেটত (২টা বগা আৰু ১টা ক’লা ৰঙৰ পলিথিন) সন্দেহযুক্ত নিচাযুক্ত দ্ৰব্যৰ লগতে উদ্ধাৰ কৰে এটা ব্লিংকাৰ বল।  নিচাযুক্ত দ্ৰব্যখিনিৰ ওজন ২.৬ কেজি বুলি বি এছ এফ সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.