আজি ১৫ জুন

▶️১২১৫ চনৰ আজিৰ দিনটোতেই ৰজা জনৰ (JOHN) ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান।মেগ্নাকাৰ্টাৰ জৰিয়তে ইংলেণ্ডৰ ৰজাৰ শাসনত আইনৰ শাসন স্বীকৃত হয়।
▶️১৬৫৯ চনৰ এই দিনটোতেই ঔৰংগজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ।
▶️১৮৫৪ চনৰ এই দিনটোতেই কলকাতাৰ প্ৰসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা।
▶️১৮৫৯ চনৰ এই দিনটোতেই আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাৰ্ট আলেকজেণ্ডাৰ ছিমনৰ জন্ম হৈছিল। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪৩ চনৰ আজিৰ দিনটোতেই শ্বহীদ কুশল কোঁৱৰৰ ফাঁচি।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ দশম সাধাৰণ নিৰ্বাচনৰ সামৰণি।
▶️২০০০ চনৰ এই দিনটোতেই মেচ ফিক্সিঙত জড়িত বুলি হান্সি ক্ৰ’নিয়েৰ স্বীকাৰোক্তিক লৈ বিশ্বজুৰি চাঞ্চল্য।।

You might also like
Leave A Reply

Your email address will not be published.