আজি ১৪ নৱেম্বৰ

▶️আজি শিশু দিৱস।
▶️১৭১৬ চনৰ এই দিনটোতেই জাৰ্মানীৰ গণিতজ্ঞ উইলহেল্ম লিবনিৎজৰ মৃত্যু হৈছিল। কলন গণিত বা কেলকুলাছৰ জনক ৰূপে তেওঁৰ নাম বিখ্যাত।
▶️১৮৩৩ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ প্ৰখ্যাত দাৰ্শনিক গৰ্গ উইলহেল্ম হেগেলৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডেৰিক গ্ৰাণ্ট বেন্টিঙৰ জন্ম হৈছিল। ১৯২১ চনত তেওঁ ইনছুলিন আৱিষ্কাৰ কৰে আৰু তাৰেই স্বীকৃতি স্বৰূপে ১৯২৩ চনত তেওঁ লাভ কৰে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী)ৰ জন্ম হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই জৱাহৰলাল নেহৰুৰ জন্মদিনটোক চৰকাৰীভাৱে ‘শিশু দিৱস’ ৰূপে ঘোষণা কৰা হৈছিল।
▶️১৯৬৯ চনৰ এই দিনটোতেই এপলো-১২ মহাকাশযান চন্দ্ৰ অভিমুখে উৎক্ষেপণ।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত অষ্টম এছিয়ান ট্ৰেক এণ্ড ফিল্ড প্ৰতিযোগিতা আৰম্ভ হৈছিল।
▶️১৯৯৩ চনৰ এই দিনটোতেই প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিঙৰ বিজেপিত যোগদান।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা জাৰি।
▶️২০০২ চনৰ এই দিনটোতেই পৰমানন্দ বৰবায়ন আৰু সীমা বিশ্বাসৰ নাম সংগীত নাটক একাডেমী বঁটাৰ বাবে ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.