আজি ১৭ অক্টোবৰ

▶️আজি অসম ক্ৰীড়া দিৱস
▶️১৬০৫ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ মৃত্যু হৈছিল।
▶️১৮১৭ চনৰ আজিৰ দিনটোতেই ছাৰ চৈয়দ আহমেদ খাঁৰ মৃত্যু।তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েন্টেল কলেজ স্থাপন কৰিছিল। এইখন কলেজেই পৰৱৰ্তীকালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হৈছিল।
▶️১৮৩১ চনৰ এই দিনটোতেই ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেৰ ডাইনামো আৱিষ্কাৰ।
▶️১৯০০ চনৰ আজিৰ দিনটোতেই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হৈছিল।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠা লাভ।
▶️১৯৩৭ চনৰ এই দিনটোতেই মুছলিম লিগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ।
▶️১৯৪০ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল সত্যাগ্ৰহ।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ জন্ম।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই মাদাৰ টেৰেছালৈ শান্তিৰ ন’বেল বঁটা ঘোষণা।
▶️১৯৮৯ চনৰ এই দিনটোতেই শিল্পী যুগল দাসৰ মৃত্যু হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই মালয়েছিয়াৰ কুৱালালামপুৰত কমনৱেলথ দেশসমূহৰ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
▶️২০০৩ চনৰ এই দিনটোতেই শ্ৰীহৰিকোটাৰ পৰা পি এছ এল ভি-৫ৰ উৎক্ষেপণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ’নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ।।

 

You might also like
Leave A Reply

Your email address will not be published.