আজি ১৭ নৱেম্বৰ

▶️১৫২৫ চনৰ এই দিনটোতেই সিন্ধু প্ৰদেশেদি বাবৰৰ ভাৰত আক্ৰমণ অভিযান। এয়া আছিল বাবৰৰ পঞ্চমটো অভিযান।
▶️১৫৫৮ চনৰ এই দিনটোতেই কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হৈছিল।
▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ইংৰাজৰ লক্ষ্ণৌ উদ্ধাৰ।
▶️১৯২৮ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী লালা লাজপট ৰায়ৰ মৃত্যু হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই চৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল। দ্বিতীয়টো কাৰ্যকালত ১৯৪১ চনৰ ২৪ ডিচেম্বৰ পৰ্যন্ত তেওঁ মুখ্যমন্ত্ৰী আছিল।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই ৰীতা ফাৰিয়াৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ। এই খিতাপ লাভ কৰা তেওঁ প্ৰথম ভাৰতীয়।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠা।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ লোকসভা নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশৰ নানদিয়াল সমষ্টিৰ পৰা তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও ৫ লাখ ৮০ হেজাৰ ২৯৭ টা ভোটৰ ব্যৱধানত বিজয়ী হয়।ই এক বিশ্বাভিলেখ।
▶️২০০১ চনৰ এই দিনটোতেই পাঁচ বছৰৰ মূৰত পুনৰ সক্ৰীয় হৈছিল কাবুল টেলিভিছন।।

 

You might also like
Leave A Reply

Your email address will not be published.