আজি ১৭ মে’

▶️আজি আন্তৰ্জাতিক সমাজ দিৱস।
▶️আজি নৰৱেৰ সংবিধান দিৱস।
▶️আজি বিশ্ব দূৰসংযোগ দিৱস।
▶️১৪৯৮ চনৰ আজিৰ দিনটোতেই উত্তমাশা অন্তৰীপেদি পৰ্তুগীজ নাৱিক ভাস্কো ডা-গামাৰ ভাৰতত প্ৰৱেশ। ১৪৯৭ চনৰ ১ জুলাইত তেওঁ চাৰিখন জাহাজত ১৭০ জন সহযাত্ৰীৰে লিছবনৰ পৰা যাত্ৰা কৰিছিল।
▶️১৫৪০ চনৰ আজিৰ দিনটোতেই কনৌজৰ যুদ্ধত শ্বেৰ শ্বাহৰ হাতত হুমায়ুনৰ পৰাজয়।শ্বেৰ শ্বাহৰ দিল্লী-পঞ্জাৱ অধিকাৰ।
▶️১৭৪৯ চনৰ আজিৰ দিনটোতেই ইংৰাজ চিকিৎসক, বসন্ত ৰোগৰ প্ৰতিষেধক ছিতাৰ আৱিষ্কাৰক এডোৱাৰ্ড জেনাৰৰ জন্ম হৈছিল।
▶️১৮১৪ চনৰ এই দিনটোতেই নৰৱেৰ স্বাধীনতা ঘোষণা।
▶️১৮৫৭ চনৰ এই দিনটোতেই দ্বিতীয় বাহাদুৰ শ্বাহ ভাৰতৰ মোগল সম্ৰাট ৰূপে অধিস্থিত হৈছিল।
▶️১৮৯৬ চনৰ এই দিনটোতেই ‘হেমকোষ’ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু ঘটিছিল।
▶️১৯০০ চনৰ আজিৰ দিনটোতেই ইৰানৰ ধৰ্মগুৰু আয়াতুল্লা খোমেইনীৰ জন্ম হৈছিল।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই আততায়ীৰ গুলীত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু।
▶️১৯৯৯ চনৰ এই দিনটোতেই ভাৰতীয় বংশোদ্ভৱ মহেন্দ্ৰ চৌধুৰী ফিজিৰ প্ৰধানমন্ত্ৰী হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কেৰালাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল এ কে এন্থনী।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ভাৰতত নতুন চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনাৰ বাবে তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক আমন্ত্ৰণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই চতুৰ্দশ লোকসভা গঠনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি।
▶️২০০৭ চনৰ এই দিনটোতেই তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং বিনা প্ৰতিদ্বন্দিতাৰে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.