আজি ১৮ নৱেম্বৰ

▶️আজি ভাৰতীয় স্থলসেনা দিৱস।
▶️১৭২৭ চনৰ আজিৰ দিনটোতেই জয়পুৰ চহৰ প্ৰতিষ্ঠা হৈছিল। বংগৰ বিদ্যাধৰ চক্ৰৱৰ্তী আছিল এই চহৰৰ প্ৰধান স্থপতি।
▶️১৯৬২ চনৰ এই দিনটোতেই ডেনমাৰ্কৰ পদাৰ্থ বিজ্ঞানী নীলছ ব’ৰৰ মৃত্যু হৈছিল।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক ৰঘুনাথ চৌধাৰীৰ মৃত্যু হৈছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ইয়াৰ আগতে ভাৰতৰ ৰাষ্ট্ৰিয় পশু আছিল সিংহ।
▶️২০০১ চনৰ এই দিনটোতেই পঞ্জাৱৰ লুধিয়ানাত ৩১ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই খ্যাতনামা জাৰ্মান বিজ্ঞানী ৱাল্টাৰ হেৰমান নাৰ্নষ্টৰ মৃত্যু হৈছিল। ১৯২০ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪৮ চনৰ এই দিনটোতেই বিহাৰৰ পাটনাৰ কাষত গংগাত নাও ডুবি ৫০০ যাত্ৰীৰ সলিল সমাধি ঘটিছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ শিল্পী জুবিন গাৰ্গৰ জন্ম হৈছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই তিনিদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে মিখাইল গৰ্ভাচেভ দিল্লীত উপস্থিত হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক প্ৰায় নিশ্চিহ্ন কৰি বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ হাষ্টনত অনুষ্ঠিত মাষ্টাৰ্ছ কাপ টেনিছত ৰ’জাৰ ফেডেৰাৰ বিজয়ী হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.