▶️১৬২৩ চনৰ আজিৰ দিনটোতেই ফৰাছী গণিতজ্ঞ, পদাৰ্থবিদ ব্লেইজ পাস্কেলৰ জন্ম হৈছিল।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল (APPLE: Ariane Passenger Payload Experiment) দক্ষিণ আফ্ৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰু(Kourou)ৰ পৰা সফলতাৰে উৎক্ষেপণ। ৬৭০ কিলোগ্ৰাম ওজনৰ এই যোগাযোগ উপগ্ৰহ উৎক্ষেপণেৰে যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰতৰ পঞ্চম স্থান লাভ।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই ভাৰতীয় মূলৰ ইংৰাজ লেখক ছলমান ৰুশ্বডিৰ মুম্বাইত জন্ম।
▶️১৯৫৩ চনৰ এই দিনটোতেই ছোভিয়েট ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত মাৰ্কিন দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড। স্বাধীন আমেৰিকাত মৃত্যুদণ্ড দিয়া এওঁলোকেই প্ৰথম মাৰ্কিন নাগৰিক।।
