আজি ১৯ ফেব্ৰুৱাৰী

▶️১৩৮৯ চনৰ আজিৰ দিনটোতেই টোগলক বংশৰ প্ৰতিষ্ঠাতা গিয়াচুদ্দিন টোগলক (প্ৰকৃত নাম গাজি মালিক)ৰ মৃত্যু হৈছিল।
▶️১৬৩০ চনৰ এই দিনটোতেই দাক্ষিণাত্যৰ স্বাধীন মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ছত্ৰপতি শিৱাজীৰ জন্ম হৈছিল। শিৱাজীৰ জন্মৰ পৰম্পৰাগত তাৰিখ হ’ল ১৬২৭ চনৰ ৬ এপ্ৰিল।
▶️১৮৭৮ চনৰ এই দিনটোতেই টমাছ আলভা এডিছনৰ গ্ৰামোফোন(ফোনোগ্ৰাফ)ৰ পেটেণ্ট লাভ। ১৮৭৭ চনত এডিছনে গ্ৰামোফোন উদ্ভাৱন কৰিছিল।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই দৈনিক সংবাদ পত্ৰ ‘অমৃত বাজাৰ পত্ৰিকা’ৰ প্ৰথম প্ৰকাশ। ইয়াৰ আগতে কাকতখন ১৮৬৮ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা বাংলা সাপ্তাহিক ৰূপে প্ৰকাশ পাইছিল। ১৮৭৮ চনৰ পৰা কাকতখন ইংৰাজী ভাষাত সাদিনীয়া ৰূপে প্ৰকাশ হ’বলৈ লয়।
▶️১৯১৫ চনৰ এই দিনটোতেই জাতীয়তাবাদী নেতা গোপালকৃষ্ণ গোখলেৰ মৃত্যু হৈছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই টেলিভিছনত প্ৰথমবাৰৰ বাবে ধূমপান বিৰোধী বিজ্ঞাপন সম্প্ৰচাৰ।।

 

You might also like
Leave A Reply

Your email address will not be published.