১২ জন বিদেশী নাগৰিকসহ ১৬ জন লোকক আটক!

১২ জন বিদেশী নাগৰিকসহ ১৬ জন লোকক আটক!

নেচনেল ডেস্ক :

ৰে’ল আৰক্ষী বাহিনী (আৰপিএফ) আৰু চৰকাৰী ৰে’লৱে আৰক্ষীৰ তৎপৰতাত ভাৰতৰ ত্ৰিপুৰাত বাংলাদেশৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰাৰ চেষ্টা কৰা ১২ জন বিদেশী নাগৰিকসহ ১৬ জন লোকক আটক কৰা হৈছে ।আটাইকেইজন বিদেশী নাগৰিকক আগৰতলা ৰে’ল ষ্টেচনত আটক কৰে আৰক্ষীয়ে। দেওবাৰে ৰে’ল আৰক্ষীৰ সুত্ৰে এই তথ্য প্ৰকাশ।

সুত্ৰটোৱে জনোৱা অনুসৰি, তিনিটা শিশুসহ মুঠ ১৬ জন লোকক ষ্টেচনৰ পৰা আটক কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১২ জন বিদেশী নাগৰিক (দুজন বাংলাদেশী, ১০ জন ৰোহিংগীয়া)।

আটকাধীন সকলৰ মাজত মধুপুৰৰ অভিজিত দেৱো অন্যতম।তেওঁলোক সকলোৱেই বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। আগৰতলা ৰেল ষ্টেচনৰ পৰা এই লোকসকল কাঞ্চনজংঘা এক্সপ্ৰেছেৰে কলকাতালৈ গৈ আছিল। তাৰ পৰা জম্মু আৰু কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনা আছিল ধৃত লোকসকলৰ।।

You might also like
Leave A Reply

Your email address will not be published.