আজি ১ ডিচেম্বৰ

▶️আজি বিশ্ব এইডছ দিৱস।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই বৰ্তমানৰ ফ্ৰান্স,ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ মৃত্যু হৈছিল। ৰজা হেনৰীৰ ভাগিনীয়েক ষ্টিফেনৰ ইংলেণ্ডৰ ৰাজ সিংহাসন দখল আৰু গৃহযুদ্ধ আৰম্ভ।
▶️১৯৫৭ চনৰ আজিৰ দিনটোতেই নগা বসতিপ্ৰধান অঞ্চলক লৈ ‘নগা হিলছ টুৱেংচাং এৰিয়া’ গঠন।
▶️১৯৫৯ চনৰ এই দিনটোতেই ঐতিহাসিক ‘এন্টাৰ্কটিকা ট্ৰিটী’ স্বাক্ষৰিত হৈছিল।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই নগালেণ্ডক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি প্ৰদান।
▶️১৯৬৪ চনৰ এই দিনটোতেই ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজনন তাত্বিক জে বি এছ হলডেনৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিৰ সমীক্ষাত মহাত্মা গান্ধী ‘শতিকাৰ শ্ৰেষ্ঠ এছীয়’ আৰু ইন্দিৰা গান্ধী ‘সহস্ৰাব্দৰ শ্ৰেষ্ঠ মহিলা’ ৰূপে নিৰ্বাচিত হৈছিল।
▶️১৯৮১ চনৰ এই দিনটোতেই পষেকীয়া বাৰ্তালোচনী ‘প্ৰান্তিক’ৰ প্ৰথম প্ৰকাশ। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া।প্ৰকাশক আৰু সম্পাদক প্ৰদীপ বৰুৱা।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতৰ জয়।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই প্ৰীতিমা কৌশিক বৰুৱাৰ সম্পাদনাত সম্পূৰ্ণ কেৰিয়াৰ বিষয়ক প্ৰথমখন অসমীয়া আলোচনী ‘মাহেকীয়া কেৰিয়াৰ গাইড’ প্ৰকাশ পাইছিল।
▶️২০০৬ চনৰ এই দিনটোতেই কাটাৰৰ দোহাত পঞ্চদশ এছিয়ান গেমছ আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.