আজি ২ ডিচেম্বৰ

▶️আজি চুকাফা দিৱস।
▶️১৮০৪ চনৰ এই দিনটোতেই নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ একছত্ৰী অধিপতি ৰূপে পৰিগণিত হৈছিল।
▶️১৮৮১ চনৰ আজিৰ দিনটোতেই কাৰ্ল মাৰ্ক্সৰ পত্নী তথা আজীৱন সহযোদ্ধা জেনী মাৰ্ক্সৰ মৃত্যু হৈছিল।
▶️১৯১১ চনৰ এই দিনটোতেই ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ ভাৰতত পদাৰ্পণ। এই ঘটনাৰ স্মাৰক হিচাপে ১৯২৪ চনত বোম্বাইত নিৰ্মাণ কৰা হয় ‘গেটৱে অৱ ইণ্ডিয়া’।ইয়াৰ পিছত ১২ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত দিল্লী দৰবাৰত পঞ্চম জৰ্জক ভাৰতৰ সম্ৰাট ৰূপে ঘোষণা কৰা হৈছিল।
▶️১৯৪২ চনৰ এই দিনটোতেই পণ্ডিচেৰীত শ্ৰীঅৰবিন্দ আশ্ৰম স্কুলৰ প্ৰতিষ্ঠা।পাছলৈ ইয়েই শ্ৰীঅৰবিন্দ ইন্টাৰনেচনেল চেন্টাৰ অৱ এডুকেচন ৰূপে বিখ্যাত হৈ পৰে।
▶️১৯৬৫ চনৰ এই দিনটোতেই ভাৰতত সীমান্ত সুৰক্ষা বাহিনী(BSF) গঠন।
▶️১৯৮৮ চনৰ এই দিনটোতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে বেনজিৰ ভূট্টোৰ শপতগ্ৰহণ।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই বিশ্বনাথ প্ৰতাপ সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। ১৯৯০ চনৰ ১০ নৱেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকালত উপ-প্ৰধানমন্ত্ৰী আছিল দেৱীলাল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ মৃত্যু হৈছিল। ‘চাহেব বিবি গোলাম’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ‘সংক্ষিপ্ত অসমীয়া বিশ্বকোষ’ৰ প্ৰথম খণ্ডৰ প্ৰকাশ। ২০০২ চনত ইয়াৰ দ্বিতীয় তথা অন্তিমটো খণ্ড প্ৰকাশ হয়।শান্তনু কৌশিক বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা এইখনেই প্ৰথম অসমীয়া সম্পূৰ্ণ সাধাৰণ বিশ্বকোষ।।

 

You might also like
Leave A Reply

Your email address will not be published.