পঞ্জাৱত হেক্সাকপ্টাৰ ড্ৰ’নসহ হেৰ’ইন উদ্ধাৰ!

নেচনেল ডেস্ক:

পঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তত পুনৰ বৃহৎ পৰিমানৰ হেৰ’ইন উদ্ধাৰ। শুকুৰবাৰে আৰক্ষীয়ে পঞ্জাৱৰ টাৰ্ণ তৰণ জিলাৰ ভাৰত-পাকিস্তান সীমান্তৰ সমীপৰ এখন পথাৰত উদ্ধাৰ কৰে আধুনিক প্ৰযুক্তি সজ্জিত হেক্সাকপ্টাৰ ড্ৰ’নসহ ৫ কিলোগ্ৰাম ওজনৰ হেৰ’ইনযুক্ত পেকেট। সীমান্ত নিৰাপত্তা বাহিনীৰ সৈতে যৌথ অনুসন্ধান অভিযানত টাৰ্ণ তৰণ আৰক্ষীয়ে উদ্ধাৰ কৰে হেক্সাকপ্টাৰ ড্ৰ’নখন। খৱৰটো টুইটযোগে সদৰি কৰে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানে।।

You might also like
Leave A Reply

Your email address will not be published.