আজি ৩ ডিচেম্বৰ

▶️আজি বিশ্ব প্ৰতিবন্ধী দিৱস।
▶️১৮৫৭ চনৰ এই দিনটোতেই সাহিত্যিক-নাট্যকাৰ যোছেফ থিঅ’ডৰ কনৰাডৰ জন্ম হৈছিল।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী নন্দলাল বসুৰ জন্ম হৈছিল।
▶️১৮৮৪ চনৰ এই দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল।
▶️১৮৮৮ চনৰ আজিৰ দিনটোতেই বিশ্ব বিখ্যাত চছমা আৰু বিভিন্ন প্ৰকাৰৰ লেন্স নিৰ্মাতা তথা জাৰ্মান শিল্পপতি কাৰ্ল পাইছৰ মৃত্যু হৈছিল।
▶️১৮৮৯ চনৰ আজিৰ দিনটোতেই বিপ্লৱী,স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বসুৰ জন্ম হৈছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই ভাৰত-পাকিস্তানৰ যুদ্ধ আৰম্ভ। ১৬ ডিচেম্বৰত পাকিস্তান সেনাৰ আত্মসমৰ্পণ। এই যুদ্ধৰ আৰম্ভণিতে বাংলাদেশে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰে।
ভাৰত-পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতত জৰুৰী অৱস্থা ঘোষণা।
▶️১৯৭৫ চনৰ এই দিনটোতেই লাওছ গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিনত হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই প্ৰসিদ্ধ হকী খেলুৱৈ ধ্যান চান্দৰ মৃত্যু হৈছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বিষ্ণু দে’ৰ মৃত্যু হৈছিল।
▶️১৯৮৪ চনৰ এই দিনটোতেই মধ্যপ্ৰদেশৰ ভূপালত কীটনাশক প্ৰস্তুতকাৰক কোম্পানী এটাৰ বিষাক্ত গেছ নিৰ্গত হৈ দহ হেজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই সংযুক্ত জাৰ্মানীৰ প্ৰথম নিৰ্বাচনত হেলমুট কোল প্ৰধানমন্ত্ৰী(চেন্সেলৰ) ৰূপে নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.