আজি ১ ফেব্ৰুৱাৰী

▶️১৭৮৫ চনৰ এই দিনটোতেই ৱাৰেন হেষ্টিংছৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পদৰ পৰা পদত্যাগ।
▶️১৮৩১ চনৰ আজিৰ দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথমখন চাৰুকলাৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।
▶️১৮৮৪ চনৰ এই দিনটোতেই ভাৰতত ডাক বীমাৰ প্ৰৱৰ্তন।
▶️১৮৮৫ চনৰ এই দিনটোতেই একাদিক্ৰমে তিনিটা টেষ্ট চেঞ্চুৰী কৰি মহম্মদ আজহাৰউদ্দিনৰ বিশ্ব অভিলেখ।
▶️১৯২৪ চনৰ এই দিনটোতেই চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৩৩ চনৰ এই দিনটোতেই পুণেৰ পৰা মহাত্মা গান্ধীৰ প্ৰসিদ্ধ ‘হৰিজন’ পত্ৰিকাৰ প্ৰথম প্ৰকাশ।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই শিক্ষাবিদ-গীতিকাৰ লক্ষ্যহীৰা দাসৰ জন্ম হৈছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই ১৯১৫ চনত গঠিত এছোচিয়েটেড প্ৰেছ আৰু ভাৰতস্থ ৰয়টাৰক একেলগ কৰি প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া,চমুকৈ PTI গঠন হৈছিল।
▶️১৯৫৩ চনৰ এই দিনটোতেই কলকাতাৰ ইম্পেৰিয়েল লাইব্ৰেৰীক জাতীয় গ্ৰন্থাগাৰ বা নেচনেল লাইব্ৰেৰী ৰূপে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল।
▶️১৯৬৪ চনৰ এই দিনটোতেই ইউনিট ট্ৰাষ্ট অৱ ইণ্ডিয়া,সংক্ষেপে UNIৰ প্ৰতিষ্ঠা লাভ।
▶️১৯৭২ চনৰ এই দিনটোতেই ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰাধিকৰণ গঠন হৈছিল।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উপকূলৰক্ষী নৌ-সেনা গঠন।
▶️২০০২ চনৰ এই দিনটোতেই নাট্যকাৰ অৰুণ শৰ্মালৈ অসম নাট্য সন্মিলনৰ বঁটা ঘোষণা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই শান্তিৰ নোবেল বঁটা বিজয়ী জন হিউমক আন্তৰ্জাতিক গান্ধী শান্তি বঁটা প্ৰদান।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ওভতনি যাত্ৰাত মাৰ্কিন মহাকাশযান ‘কলম্বিয়া’ বিস্ফোৰিত হৈ ধ্বংস হৈছিল। ‘কলম্বিয়া’ৰ এই অভিযানত অংশ লোৱা প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কল্পনা চাওলাসহ সাত মহাকাশচাৰীৰ কৰুণ মৃত্যু ঘটিছিল।
▶️২০০৪ চনৰ এই দিনটোতেই ইৰাকৰ উত্তৰ অঞ্চলৰ আৰ্বিল চহৰত হোৱা বোমা বিস্ফোৰণত দুই শতাধিক লোক নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.