▶️১৭০২ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাচ্চ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একত্ৰিকৰণ হৈ নতুন নাম হয় ‘ইউনাইটেড কোম্পানী অব মাৰ্চেণ্টছ অব ইংলেণ্ড ট্ৰেডিং টু দি ইষ্ট ইণ্ডিজ’।
▶️১৮২২ চনৰ এই দিনটোতেই অষ্ট্ৰিয়াৰ ধৰ্মযাজক আৰু প্ৰকৃতি বিজ্ঞানী গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম হৈছিল।
▶️১৮৯৪ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সত প্ৰথম মটৰ গড়ী দৌৰ প্ৰতিযোগিতা।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই কংগ্ৰেছৰ কৰাচী অধিৱেশনত গৃহীত পতাকাখনত যঁতৰৰ ঠাইত অশোক চক্ৰ বহুৱাই ইয়াক ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰূপে গ্ৰহণ। এই পতাকাৰ আৰ্হি নিৰ্মাতা আছিল বদৰুদ্দিন তৈয়বজী।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম ভূ-সমলয় (Geostationary) যোগাযোগ উপগ্ৰহ ‘এপল’ মহাকাশত সক্ৰিয়, আৰু পৃথিৱীলৈ তথ্য প্ৰেৰণ আৰম্ভ। ১৯ জুনত ইয়াক দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। ৬৭০ কিলোগ্ৰাম ওজনৰ এই উপগ্ৰহ উৎক্ষেপণেৰে যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰত বিশ্বৰ পঞ্চম স্থানলৈ উন্নীত।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীৰ নেচনেল ইনষ্টিটিউট অব ইমিউন’লজীৰ সঞ্চালক ডঃ জি পি তলোৱাৰক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অৱ অনাৰ’ প্ৰদান। এই সন্মান লাভ কৰা তেঁৱেই প্ৰথম ভাৰতীয় বিজ্ঞানী।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেলিস্কোপ ‘চন্দ্ৰ’ক মহাকাশত স্থাপন।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই দক্ষিণ চীনত ৰিখটাৰ স্কেলত ৬.২ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত বিস্তৰ ক্ষতিসাধন।
▶️২০০৬ চনৰ এই দিনটোতেই বিশিষ্ট কবি হৰি বৰকাকতিৰ ৭৯ বছৰ বয়সত মৃত্যু।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২২ জুলাই
You might also like