জম্মু-কাশ্মীৰৰ নিৰাপত্তাৰক্ষীৰ বৃহৎ সফল অভিযান।

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰৰ নিৰাপত্তাৰক্ষীৰ বৃহৎ সফল অভিযান। কাশ্মীৰৰ কুপৱাৰাত বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ। এক গোপন খবৰৰ পম খেদি সীমান্ত সুৰক্ষা বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত কুপৱাৰ জিলাৰ কাৰনাহ আৰক্ষী চকীৰ অন্তৰ্গত আমৰোহী গাঁৱৰ পৰা উদ্ধাৰ কৰে এই বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ। অভিযানত উদ্ধাৰ হয় দুটা AK 47 ৰাইফল, ৬টা পিষ্টল, দুটা AK চিৰিজৰ মেগজিন, ১৩ টা পিষ্টলৰ মেগজিন, ৩৩৮ ৰাউণ্ড AK চিৰিজৰ গুলি, ১০৯ ৰাউণ্ড 15mm পিষ্টলৰ গুলি, ৯০ ৰাউণ্ড 9mm পিষ্টলৰ গুলি আৰু ৪ টা হেণ্ড গ্ৰেনেড। লগতে ২০ হাজাৰ পাকিস্তানী মুদ্ৰাও উদ্ধাৰ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.