আজি ২৪ অক্টোবৰ

▶️আজি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস।
▶️১৫৭৭ চনৰ এই দিনটোতেই মোগল সম্ৰাট আকবৰে আবন্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসৰ অমৃতসৰ চহৰ প্ৰতিষ্ঠা।তেতিয়া ইয়াৰ নাম আছিল ৰামদাসপুৰ।ৰামদাসে ইয়াতে খন্দোৱা অমৃত সৰোবৰ নামৰ এটা সৰোবৰৰ পৰাই পিছত পঞ্চম শিখ গুৰু অৰ্জুন দেৱে চহৰখন অমৃতসৰ ৰূপে নামাকৰণ কৰে।২৪ অক্টোবৰৰ দিনটো অমৃতসৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে গ্ৰহণ কৰা হয়।
▶️১৬০১ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ জ্যোতিৰ্বিজ্ঞানী টাইকো ব্ৰাহেৰ মৃত্যু ঘটিছিল।
▶️১৬০৫ চনৰ এই দিনটোতেই চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ।
▶️১৬৩২ চনৰ এই দিনটোতেই ইংলেণ্ডৰ স্বভাৱ বিজ্ঞানী, অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক এন্টনী ভন লিউৱেনহুকৰ জন্ম হৈছিল।
▶️১৬৪৮ চনৰ এই দিনটোতেই ৱেষ্টফালিয়া সন্ধি।ত্ৰিছ বছৰীয়া যুদ্ধৰ অৱসান।
▶️১৭৭৫ চনৰ আজিৰ দিনটোতেই শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ (দ্বিতীয়)ৰ জন্ম।
▶️১৮৫১ চনৰ এই দিনটোতেই কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি।
▶️১৮৭১ চনৰ এই দিনটোতেই অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই ৫০ খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্বশান্তিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা।
▶️১৯৬৪ চনৰ এই দিনটোতেই মধ্য-দক্ষিণ আফ্ৰিকাৰ ভূমিবদ্ধ দেশ উত্তৰ ৰোডেছিয়াৰ স্বাধীনতা লাভ। দেশখনৰ নতুন নাম হৈছিল জাম্বিয়া।
▶️১৯৮৪ চনৰ এই দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে’ল ব্যৱস্থা তথা মেট্ৰো ৰে’ল মুকলি।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই হায়দৰাবাদত এফ্ৰো-এছিয়ান গেমছ আৰম্ভ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.