আজি ২৪ জুলাই

▶️আজি ইজিপ্তৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই বিশিষ্ট বাংলা সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমণ মেগছেছে বঁটা ঘোষণা।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী (ভাৰপ্ৰাপ্ত) গুলজাৰিলাল নন্দ আৰু অৰুণা আছফ আলীলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা।
▶️১৯৮৯ চনৰ এই দিনটোতেই ব’ফৰ্ছ কামান চুক্তি সন্দৰ্ভত কম্পট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলৰ প্ৰতিবেদনৰ প্ৰতিবাদত লোকসভাৰ অধিকাংশ বিৰোধী সদস্যৰ পদত্যাগ।
▶️১৮০২ চনৰ আজিৰ দিনটোতেই ফৰাচী ঔপন্যাসিক, নাট্যকাৰ আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।
▶️১৮৫৭ চনৰ এই দিনটোতেই ডেনমাৰ্কৰ সাহিত্যিক হেনৰিক পোন্টোপিডানৰ জন্ম। ১৯১৭ চনত তেঁও যুটীয়াভাৱে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত মহিলা বৈমানিক আমেলিয়া ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম। ১৯৩২ চনত তেঁও প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই বাংলা ছবিৰ প্ৰসিদ্ধ অভিনেতা উত্তম কুমাৰৰ মৃত্যু হৈছিল।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত হিন্দী কবি মহাদেৱী বাৰ্মালৈ আগবঢ়োৱা হৈছিল জ্ঞানপীঠ বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.