আজি ২৬ জুলাই

▶️আজি মালদ্বীপৰ স্বাধীনতা দিৱস।
▶️১৯৬৫ চনৰ আজিৰ দিনটোতেই মালদ্বীপৰ স্বাধীনতা লাভ।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই লণ্ডনত বিশ্বৰ প্ৰথমটো টেষ্ট টিউব বেবীৰ জন্ম। এই শিশুটিৰ নাম লুইজ জয় ব্ৰাউন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই শ্বেৰ বাহাদুৰ দেউবাৰ নেপালৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই সু-সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী নাৰায়ণ ঘাটোৱাৰৰ মৃত্যু।
▶️১৮৫৬ চনৰ এই দিনটোতেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধৱা বিবাহ আইন প্ৰচলন।
▶️১৮৫৬ চনৰ আজিৰ দিনটোতেই আইৰিছ নাট্যকাৰ আৰু সমালোচক জৰ্জ বাৰ্নাড শ্বৰ জন্ম। তেওঁ ১৯২৫ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত কিউবাত স্বৈৰাচাৰী বাতিস্তাৰ শাসনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ।
▶️১৮৯৪ চনৰ এই দিনটোতেই প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আলডুছ হাক্সলীৰ ইংলেণ্ডত জন্ম হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই দীৰ্ঘ নিৰ্বাসনৰ পিছত দক্ষিণ আফ্ৰিকাৰ অলিম্পিকৰ সদস্যপদ লাভ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ছোভিয়েট যুক্তৰাষ্ট্ৰৰ কমিউনিষ্ট পাৰ্টীৰ দুদিনব্যাপী অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ সভাত দলৰ তদানীন্তন প্ৰধান সম্পাদক তথা ছোভিয়েট যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ মাৰ্ক্সবাদ-লেনিনবাদৰ পথ এৰি সামাজিক-গণতান্ত্ৰিক দল গঢ়াৰ প্ৰস্তাৱ উত্থাপন। সভাত এই প্ৰস্তাৱ অনুমোদিত হয়।সমাজতন্ত্ৰৰ পথৰ পৰা ছোভিয়েট ৰাছিয়া আঁতৰি অহাৰ এই সিদ্ধান্ত বিশ্ব ইতিহাসত বিশেষ তাৎপৰ্যপূৰ্ণ।

You might also like
Leave A Reply

Your email address will not be published.