আজি ২৭ জুলাই

▶️১৮৪৪ চনৰ এই দিনটোতেই ইংৰাজ ৰসায়নবিদ, পৰমাণুতত্বৰ প্ৰৱৰ্তক জন ডেল্টনৰ মৃত্যু হৈছিল।
▶️১৮৭৫ চনৰ আজিৰ দিনটোতেই বিশিষ্ট চিকাৰী তথা লেখক জিম কৰবেটৰ ভাৰতৰ নাইনিতালত জন্ম হৈছিল।
▶️১৮৮৯ চনৰ আজিৰ দিনটোতেই লণ্ডনত দাদাভাই নৌৰজীৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ ইণ্ডিয়া শাখা প্ৰতিষ্ঠা।
▶️১৯৫৬ চনৰ এই দিনটোতেই ব্ৰিটেইন আৰু ফ্ৰান্সৰ পৰা ছুৱেজ খালৰ কৰ্তৃত্ব ইজিপ্তলৈ হস্তান্তৰিত।
▶️১৯৭২ চনৰ এই দিনটোতেই নক্সাল আন্দোলনৰ বিশিষ্ট নেতা চাৰু মজুমদাৰৰ কাৰাবন্দী অৱস্থাত মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল দ্বিতীয় জিম কিং।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ৪০০ মিটাৰ দৌৰত মাইকেল জনছনৰ নতুন বিশ্ব অভিলেখ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰৰ দ্বাৰা নগা অস্ত্ৰ সম্বৰণ চুক্তিৰ ভৌগোলিক সম্প্ৰসাৰণ প্ৰত্যাহাৰ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ তদানীন্তন উপ-ৰাষ্ট্ৰপতি কৃষ্ণ কান্তৰ ৭৫ বছৰ বয়সত মৃত্যু।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বশিষ্ঠৰ মথাউৰি ভগাৰ ফলত গুৱাহাটী মহানগৰীৰ এক বৃহৎ অঞ্চল জলমগ্ন হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই একেৰাহে চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ মুম্বাইত ভয়াবহ বানত ৪৫০ লোকৰ প্ৰাণহানি। একে সময়ত মুম্বাই উপকুলৰ পৰা ১৬০ কিলোমিটাৰ আঁতৰত আৰৱ সাগৰত অৱস্থিত অ’ এন জি চিৰ সামুদ্ৰিক তৈলক্ষেত্ৰ বম্বে হাই প্লেটফৰ্মত আন এখন সহায়ক জাহাজে খুন্দা মৰাৰ ফলত প্লেটফৰ্মত জুই লাগে।এই অগ্নিকাণ্ডৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩২ হাজাৰ কোটি টকাৰ লোকচান।।

You might also like
Leave A Reply

Your email address will not be published.