আফ্ৰিকা মহাদেশৰ নাইজাৰত সামৰিক অভ্যুত্থান!

নজৰবন্দী নাইজাৰৰ ৰাষ্ট্ৰপতি মহম্মদ বাজুম

ইণ্টাৰনেচনেল ডেস্ক:

ফ্ৰিকা মহাদেশৰ নাইজাৰত সামৰিক অভ্যুত্থান। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত ৰাষ্ট্ৰপতিক ওফোৰাই সংবিধান নাকচ কৰাৰ লগতে দেশৰ সীমান্ত বন্ধ কৰা বুলি ৰাষ্ট্ৰীয় টেলিভিচন যোগে ঘোষণা কৰে সেনাৰ কৰ্ণেল মেজৰ আমাডু আব্দ্ৰামানে। লগতে পৰৱৰ্তী জাননী জাৰি নকৰালৈ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে বুলিও ঘোষণা কৰে আমাডু আব্দ্ৰামানে। আনহাতে ৰাজধানী নিয়ামিৰ ৰাজপ্ৰসাদৰ ভিতৰত নজৰবন্দী কৰি ৰখা হৈছে নাইজাৰৰ ৰাষ্ট্ৰপতি মহম্মদ বাজুমক। ২০২১ চনৰ এপ্ৰিল মাহত দৰিদ্ৰতা, দীৰ্ঘদিনীয়া অস্থিৰতা আৰু শেহতীয়া বছৰবোৰত জেহাদী আক্ৰমণত জুৰুলা দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল মহম্মদ বাজুম ।

ইফালে নাইজাৰৰ শেহতীয়া পৰিস্থিতিকলৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰই। ৰাজনৈতিক সংকটৰ মাজতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ৰাষ্ট্ৰপতি বাজুমৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

কিয় এনেকুৱা হৈছে?

কিয় সামৰিক অভ্যুত্থান সংঘটিত হ’ল সেয়া স্পষ্ট হোৱা নাই। বৰ্ধিত ব্যয়, চৰকাৰৰ অদক্ষতা আৰু দুৰ্নীতি সামৰিক অভ্যুত্থানৰ কাৰণ বুলি অনুমান কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।।

You might also like
Leave A Reply

Your email address will not be published.