তেলেংগানাত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে জলপ্ৰলয়ৰ!

নিউজ ডেক্স

সুৰক্ষিতভাৱে উদ্ধাৰ ৮২জন পৰ্যটকক।

তেলেংগানাত বানপানীৰ বাবে হাহাকাৰ পৰিস্থিতি। বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণে জলপ্ৰলয়ৰ সৃষ্টি কৰিছে তেলেংগানাত। বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যখনৰ জনসাধাৰণে। মুথিয়ালা ধাৰা জলপ্ৰপাত দৰ্শন কৰিবলৈ গৈ বানপানীত আৱদ্ধ হৈ পৰিছিল প্ৰায় ৮২ জন পৰ্যটক। বানপানীত আৱদ্ধ হৈ পৰা পৰ্যটকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে। আনহাতে হায়দৰাবাদৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যখনৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। প্ৰয়োজন নহলে বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিছে বতৰ বিজ্ঞান বিভাগে। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে ২৮ জুলাইত ৰাজ্যখনৰ শিক্ষানুষ্ঠান সমূহ বন্ধ ঘোষণাৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিছে।।

You might also like
Leave A Reply

Your email address will not be published.