বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা! তদন্ত কমিটি গঠন

নিউজ ডেস্ক:

ড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা দূৰ কৰাৰ বাবে গঠন কৰা হৈছে তদন্ত কমিটি। ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াৰ নিৰ্দেশ মৰ্মে উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কমিটী। তদন্ত কমিটিৰ সদস্য হ’ব IITG ৰ অধ্যাপক ড০ এছ কে দেৱ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বি বি মিশ্ৰ। তদন্ত কমিটীক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে বিত্তীয় অনুশাসন ভংগৰ অভিযোগ। উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙে নিবিদা অবিহনে মেচাৰ্চ আৰ ডি এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোক দিছিল ঠিকা আবণ্টন। নিলম্বিত অধ্যাপকৰ ক্ষেত্ৰতো বিত্তীয় অনুশাসন ভংগ কৰাৰ লগতে কমিছনৰ বিনিময়ত নামভৰ্তি কৰাৰো অভিযোগ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে। দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰৰ পাছতো বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য পদত অধিস্থিত হৈ আছে লাইশ্ৰাম লাড্ডু সিং। ইয়াকে লৈ চৰম অচলাৱস্থাৰ সৃষ্টি হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ত।।

You might also like
Leave A Reply

Your email address will not be published.